এক ভৌতিক বস্তু ৰূপে, লিখিত বা মুদ্ৰিত পৃষ্ঠাৰ সংগ্ৰহক কিতাপ বা গ্ৰন্থ (ইংৰাজী: Book) বোলা হয়। এখন কিতাপ সাধাৰণতে আয়তাকাৰ পৃষ্ঠাৰ সংগ্ৰহ যি কাগজ, সাঁচিপাত, পাপাইৰাচ, চৰ্মপত্ৰ বা ভোজপত্ৰৰে নিৰ্মাণ কৰা হয় আৰু ইয়াক এফালে (সোঁফালে বা বাওঁফালে) বন্ধোৱা হয় বা চিলোৱা হয় বা আন মাধ্যমেৰে এক প্ৰকাৰৰে সুৰক্ষিতভাবে লগ লগাই দিয়া হয় যাতে ইয়াক সহজে পঢ়িব পাৰি। কিতাপৰ এখন তুলনামুলক ভাবে গধুৰ আৰু কঠিন বেটুপাতো থাকে।[1]

বিভিন্ন কিতাপ

এক বৌদ্ধিক বস্তু ৰূপে, এখন কিতাপ এনে এক দীৰ্ঘ দৈৰ্ঘ্যেৰ লেখা যাক লিখিবৰ বাবে যথেষ্ট সময় ব্যয় কৰা হয় আৰু পঢ়িবৰ বাবেও বুজন পৰিমাণৰ নহ'লেও কিছু সময়ৰ প্ৰয়োজন হয়। কিতাপৰ এক সীমাবদ্ধ সংজ্ঞা তথা এক সীমাহীন সংজ্ঞা আছে। সীমাবদ্ধ অৰ্থত, এখন কিতাপ এক স্বয়ংসম্পূৰ্ণ অনুচ্ছেদ বা এক দীৰ্ঘতৰ লেখাৰ অংশ। এয়া এক পুৰণিকলীয়া ব্যৱহাৰ বুলিব পাৰি; উদাহৰণস্বৰূপে, খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতিকাৰ গ্ৰীক দাৰ্শনিক এৰিষ্ট'টলৰ পদাৰ্থ বিজ্ঞান নামৰ লেখাটোৰ প্ৰতিটো অংশকে এখন কিতাপ বোলা হয়। সীমাহীন অৰ্থত, এখন কিতাপ হৈছে সমস্ত ৰচনাশৈলী যাৰ অংশ হ'ব পাৰে আন কিতাপ বা অধ্যায় বা অনুচ্ছেদ ইত্যাদি।

এক ভৌতিক বস্তু ৰূপে কিতাপৰ বৌদ্ধিক বিষয়বস্তু যে কেৱল ৰচনা বা লেখা হ'ব লাগে এনে কোনো কথা নাই। কিতাপত কেৱল চিত্ৰাঙ্কন, খোদিত কৰা চিত্ৰ, ফটোগ্ৰাফ আদিও থাকিব পাৰে। এখন ভৌতিক কিতাপত পৃষ্ঠাসমূহ খালিও হ'ব পাৰে বা পাছত ভৰ্তি কৰিবৰ বাবে কেৱল খলি তালিকাও থাকিব পাৰে, যেনে: একাউণ্ট বুক, এপইণ্টমেণ্ট বুক, লগ বুক, অটোগ্ৰাফ বুক, নোটবুক বা টোকা-বহী, ডায়েৰি বা দিনলিপি, বা স্কেচবুক। কিছুমান ভৌতিক কিতাপ যেনে স্ক্ৰেপবুক বা ফটোগ্ৰাফ এলবাম আদিৰ পৃষ্ঠাসমূহ আন ভৌতিক বস্তুক সমৰ্থন কৰিব পৰাকৈ ডাঠ আৰু দৃঢ় হয়। কিতাপসূহক বৰ্তমানে ডিজিটেল বা ইলেকট্ৰনিক ৰূপত ই-বুক নামেৰে বিতৰণ কৰা হয়। সাধাৰণতে হস্তলিখিত কিতাপক পাণ্ডুলিপি বোলা হয়।

গুগলৰ অনুমান অনুসৰি ২০১০ চন পৰ্যন্ত প্ৰায় ১৩,০০,০০,০০০ ভিন্ন শিৰোনামৰ কিতাপ প্ৰকাশ পাইছে।[2] কিছু বিকশিত দেশত বৰ্তমানে ই-বুকৰ ব্যৱহাৰ বৃদ্ধিৰ ফলত মুদ্ৰিত কিতাপৰ বিক্ৰী হ্ৰাস পাইছে।[3]

বিষয়বস্তু অনুসৰি

সম্পাদনা কৰক

বিষয়বস্তু অনুসৰি কিতাপসমূহক সচৰাচৰ দুভাগৰ ভাগ কৰা হয়। কল্প-সাহিত্য (fiction) আৰু অকল্প-সাহিত্য (non-fiction)। এই বিভাজন সাধাৰণতে কিতাপৰ দোকান আৰু পুথিভঁৰালসমূহত দেখা যায়।

কল্প-সাহিত্য

সম্পাদনা কৰক

বৰ্তমানে প্ৰকাশিত অধিকাংশ কিতাপেই কল্প-সাহিত্য, অৰ্থাৎ এই কিতাপবোৰৰ বিষয়বস্তু সম্পূৰ্ণৰূপে বা আংশিকৰূপে অসত্য। ঐতিসাহিকভাৱে, কাগজৰ উৎপাদন এক ব্যয়বহুল প্ৰক্ৰিয়া হোৱাৰ বাবে ইয়াক বিনোদনৰ বাবে ব্যৱহাৰ কৰা হোৱা নাছিল। বিশ্বব্যাপী সাক্ষৰতা আৰু মুদ্ৰণ প্ৰযুক্তিৰ বিকাশৰ ফলত বিনোদনৰ বাবে কিতাপৰ প্ৰকাশ বৃদ্ধি পায়। কল্প-সাহিত্যসমূহক পুনৰ উপবিভাগত ভাগ কৰা হয়।

উপন্যাস (novel) হৈছে কল্প-সাহিত্য সবাটোতকৈ প্ৰচলিত ৰূপ। উপন্যাসসমূহ হৈছে কাহিনী যাৰ সাধাৰণতে এটা প্লট, ছেটিং, থীম আৰু চৰিত্ৰ থাকে। উপন্যাসৰ কাহিনী বা আখ্যান কোন এক নিৰ্দিষ্ট বিষয়ত সীমাবদ্ধ নহয়; উপন্যাস ৰোমাঞ্চকৰ, গুৰুতৰ বা বিতৰ্কিত হ'ব পাৰে। উপন্যাস সাহিত্যৰ বিনোদন আৰু প্ৰকাশন অৰ্থনীতিৰ ওপৰত প্ৰচণ্ড প্ৰভাৱ আছে।[4] ন'ভেলা (novella) বুলিলে ১৭,৫০০ৰ পৰা ৪০,০০০ শব্দৰ ভিতৰৰ কল্প-সাহিত্য লেখাক বুজা যায়, আনহাতে উপন্যাসিকা বা ন'ভেলেট (novelette) বুলিলে তাতোতকৈ চমু ৭,৫০০ৰ পৰা ১৭,৫০০ শব্দৰ কল্প-সাহিত্য লেখাক বুজা যায়। চুটিগল্প হৈছে ১০,০০০ শব্দৰ ভিতৰৰ লেখা গদ্য সাহিত্য, পিছে শব্দৰ সংখ্যা সংজ্ঞাভেদে ভিন্ন হ'ব পাৰে।

কমিক বুক বা গ্ৰাফিক ন'ভেল এনে কল্প-সাহিত্য য'ত চিত্ৰৰ মাধ্যমেৰে কাহিনীৰ বৰ্ণন কৰা হয়। কাহিনীৰ পাত্ৰবোৰৰ ভাবপ্ৰকাশ কথাৰ গোলক (speech bubble) আৰু ভাবৰ গোলকেৰে (thought bubble) কৰা হয়।

অকল্প-সাহিত্য

সম্পাদনা কৰক

পুথিভঁৰালত প্ৰসংগ পুথি (reference book) বুলিলে অকল্প-সাহিত্যৰ কিতাপসমূহক বুজা যায়, য'ত কাহিনী, ৰচনা, ধাৰা-বিৱৰণী, মতামত আদিৰ সলনি কেৱল তথ্যহে থাকে। পঞ্জিকা হৈছে এক সাধাৰণ প্ৰসংগ পুথি, সচৰাচৰ একক-সংখ্যাৰ, য'ত বছৰটোৰ বিভিন্ন দিন, বাৰ, তিথি আৰু নক্ষত্ৰৰ অৱস্থান আদি সম্পৰ্কে লিপিৱদ্ধ কৰা হয়। বিশ্বকোষ হৈছে এক বা একাধিক প্ৰসংগ পুথি য'ত বিভিন্ন বিষয়ৰ বিষদ বৰ্ণনা সম্পন্ন প্ৰবন্ধ থাকে। কোনো এক ভাষাৰ শব্দ, তাৰ অৰ্থ, উৎপত্তি, আৰু আন তথ্য সমৃদ্ধ প্ৰসংগ পুথিক অভিধান বোলা হয়। মানচিত্ৰ সংগ্ৰহৰ কিতাপক ভূচিত্ৰাৱলী বোলা হয়। মূলতঃ পেশাদাৰী ব্যৱহাৰৰ বাবে এক নিৰ্দ্দিষ্ট বিষয়ক লৈ সৃষ্টি কৰা তথ্য সমৃদ্ধ প্ৰসংগ পুথিক হাতপুথি বোলা হয়।

বিদ্যাৰ্থীসকলে সাধাৰণতে অধ্যয়নৰ বাবে পাঠ্যপুথি ব্যৱহাৰ কৰে। প্ৰাথমিক বিদ্যালয়ৰ বিদ্যাৰ্থীয়ে শিক্ষণৰ বাবে ৱৰ্কবুক (workbook) ব্যৱহাৰ কৰে, এই ৱৰ্কবুকবোৰত আঁচ পৰা খালী ঠাই থাকে য'ত বিদ্যাৰ্থীয়ে অধ্যয়ন বা গৃহকাৰ্য কৰিব পাৰে। আমেৰিকা যুক্তৰাষ্ট্ৰত উচ্চ শিক্ষাৰ বিদ্যাৰ্থীসকলে সাধাৰণতে পৰীক্ষাৰ বাবে ব্লু বুক (blue book) নামৰ কিতাপ ব্যৱহাৰ কৰে।

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. IEILS, p. 41
  2. "Books of the world, stand up and be counted! All 129,864,880 of you". August 5, 2010. http://booksearch.blogspot.com/2010/08/books-of-world-stand-up-and-be-counted.html। আহৰণ কৰা হৈছে: August 15, 2010. "After we exclude serials, we can finally count all the books in the world. There are 129,864,880 of them. At least until Sunday." 
  3. Curtis, George (2011). The Law of Cybercrimes and Their Investigations. পৃষ্ঠা. 161. 
  4. Edwin Mcdowell (October 30, 1989). "The Media Business; Publishers Worry After Fiction Sales Weaken". New York Times. https://www.nytimes.com/1989/10/30/business/the-media-business-publishers-worry-after-fiction-sales-weaken.html। আহৰণ কৰা হৈছে: January 25, 2008. 

বাহ্যিক সংযোগ

সম্পাদনা কৰক
  •   ৱিকিমিডিয়া কমন্সত কিতাপ সম্পৰ্কীয় মিডিয়া ফাইল।
  •   ৱিকিউৎস: অসমীয়া ভাষাৰ কপিৰাইটমুক্ত কিতাপৰ ডিজিটেল পুথিভঁৰাল
  NODES
Done 1